NCERT ৰ পদাৰ্থ বিজ্ঞানৰ পাঠ্যপুথি আৰু AHSEC ৰ নতুন Syllabus ৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলে সহজে বুজি মনত ৰাখিব পৰাকৈ সৰল ভাষাত সংক্ষিপ্ত আৰু সু-গাঁথনিৰে যিমান পাৰি কম শব্দত গ্ৰন্থখন লিখা হৈছে ।
পদাৰ্থ বিজ্ঞানৰ একেই পাঠ্যক্ৰমক পুনৰাই ন-ৰূপত, নতুন অৱতাৰৰ সৈতে পৰিৱেশনৰ এক বিনম্ৰ প্ৰয়াস গ্ৰন্থখন।
পাঠ্যক্ৰমৰ সকলোবোৰ গুৰুত্বপূৰ্ণ বিষয় / ধাৰণা সামৰি গ্ৰন্থখন সংক্ষিপ্তভাৱে সহজ আৰু স্পষ্ট ভাষাত লিখা হৈছে।
অধ্যায়সমূহৰ পুনৰীক্ষণ আৰু স্পষ্টতাৰ বাবে প্ৰতিটো অধ্যায়ৰ শেষত সযতনে নিৰ্বাচিত বিশ্লেষণাত্মক প্ৰশ্ন দিয়া হৈছে যাতে অধ্যায়সমূহৰ বিভিন্ন ধাৰণাৰ সোঁৱৰণ আৰু পুনৰাবৃত্তি হয়।
সু-গাঁথনিযুক্ত ধাৰণাভিত্তিক সংখ্যাগত প্ৰশ্নসমূহ সহজৰ পৰা গভীৰভাৱে চিন্তা-উদ্দীপক জটিল প্ৰশ্নলৈকে সজাই অধ্যায়সমূহৰ শেষত দিয়া হৈছে যাতে প্ৰতিটো অধ্যায়ৰ বিভিন্ন ধাৰণাৰ অন্যান্য প্ৰশ্নৰ অনুশীলন কৰাৰ লগতে গাণিতিক দক্ষতা বৃদ্ধি কৰিব পৰা যায়।
অধ্যায়বোৰৰ শেষত পূৰ্বৰ ফাইনেল পৰীক্ষাত অহা প্ৰশ্নবোৰ বছৰ অনুযায়ী সজাই দিয়া হৈছে যাতে পৰীক্ষাবোৰত প্ৰতি বছৰে অহা প্ৰশ্নৰ ধাৰা বুজিব পাৰি আৰু পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কে ধাৰণা লব পাৰি। অধ্যায়বোৰৰ শেষত সমাধানৰ সৈতে সাংখ্যিক উদাহৰণৰ লগতে সাংখ্যিক প্ৰয়োগত প্ৰয়োজনীয় গাণিতীক সমীকৰণসমূহ দিয়া হৈছে ।
JEE আৰু AIEEE পৰীক্ষাৰ পূৰ্বৰ প্ৰশ্নসমূহ প্ৰতিটো অধ্যায়ৰ শেষত সমাধানৰ ইংগিতৰ সৈতে দিয়া হৈছে যাতে পৰীক্ষাত এই প্ৰশ্নসমূহ ক’ৰ পৰা সোধা হয় সেই বিষয়ৰ সমূহৰ সম্যক ধাৰণা ল’ব পৰা যায়।