সোঁৱৰণী প্ৰতি টোপাল চকুপানী
শব্দবোৰ মাধ্য়ম, অনুভৱ প্ৰডাক্ট ৷ প্ৰেম বোৰ কবিতা ৷ কবিতাবোৰ অনুভৱ ৷ হব পাৰে ই কাৰোবাৰ বাবে ঔ-তলৰ ভূত তথাপিও বৰ অদ্ভত ৷
এইখন মোৰ প্ৰথম কিতাপ ৷ কোনে জানে কবিতাৰ হয়তো প্ৰথম আৰু শেষ প্ৰকাশ ৷
অতীতত ভবা ভৱিষ্য়তটো কাল ধূমূহাই কেতিয়াবাই উটুৱাই লৈ গ’ল বাবে সময়ৰ বালিচৰত কবিতাবোৰ বহুবছৰ পৰি ৰল ৷ সেয়ে আগতে এটাও প্ৰকাশ কৰা নহ’ল ৷ এতিয়া কিতাপৰ যজ্ঞত উৎসৰ্গিত অনুভৱৰ আকাশ ৷
কবিতাকেইটাৰ বেছিভাগেই মিছা প্ৰেমৰ সচা বেদনাৰ প্ৰকাশ ৷
পদাৰ্থ বিজ্ঞানৰ অপদাৰ্থ মই কবি নাছিলো কোনোকালে জীৱনৰ মিঠা মিঠা বেদনাইহে লিখিব শিকালে ৷
এখন কিতাপ আৰু কিছু সোঁৱৰণী
এয়াই কিজানি হয় আমাৰ অন্য় এক আৰম্ভণী ৷
আহকচোন একেলগে চাওঁ লখাইতৰাৰ পাৰৰ
শব্দবোৰ চুই আজি ৷