You cannot edit this Postr after publishing. Are you sure you want to Publish?
Experience reading like never before
Read in your favourite format - print, digital or both. The choice is yours.
Track the shipping status of your print orders.
Discuss with other readersSign in to continue reading.

"It was a wonderful experience interacting with you and appreciate the way you have planned and executed the whole publication process within the agreed timelines.”
Subrat SaurabhAuthor of Kuch Woh Palএমুঠি-সাগৰ কিতাপখন মোৰ জীৱনৰ অনুভূতি আৰু আৱেগক সাহিত্য আকাৰে সমাজৰ সন্মুখত দাঙি ধৰাৰ এক বিনম্ৰ প্ৰচেষ্টা মাথোঁ।
বহু বছৰ ধৰি মই ছেগা-চোৰোকাকৈ কবিতা লিখোঁ যেতিয়া অনুভূতি মোৰ হৃদয় স্পন্দন ৰ পৰা ওলাই শব্দৰ আকাৰ লয়। সময়ৰ চক্ৰত মই বহুতো কবিতা হেৰাইছো যদিও,অন্তৰৰ আৱেগৰ পৰা কিছু অনুভৱ গোটাই "এমুঠি-সাগৰ" ৰ সংকলন হিচাপে উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ। হৃদয়ত উৎপন্ন হোৱা ভাৱনাবোৰ মুখেৰে যেতিয়া প্ৰকাশ কৰিব নোৱাৰা হৈ পৰে তেতিয়া সেইবোৰে মনৰ সাগৰত ঢৌ তুলিবলৈ আৰম্ভ কৰে আৰু আলফুলে পাৰ ভাঙে মনৰ নিজান কোঠালিত। তেতিয়াই হৃদয়ৰ কোনোবা এক নিভৃত কোণত গুপুতে সৃষ্টি হয় ভাৱনাৰ খলকনি আৰু জন্ম হয় কবিতাৰ লানি।
"এমুঠি -সাগৰ" ৰ প্ৰতিটো কবিতাই মোৰ অন্তৰৰ অনুভূতি আৰু অনুভৱ যাক শব্দৰ দ্বাৰা সজাবলৈ চেষ্টা কৰা হৈছে। "এমুঠি -সাগৰ" কবিতা সংকলন খনত গতানুগতিক জীৱনৰ ভাল -বেয়া, আশা-নিৰাশা, হেঁপাহ, আকাংক্ষা, খং-অভিমান, প্ৰেম-ভালপোৱা, হাঁহি -ধেমালি আদি ভাববোৰৰ সমাহাৰৰ লগতে সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু আধ্যাত্মিক দৰ্শনৰ দিশৰ প্ৰতিফলন দেখুৱাবলৈ চেষ্টা কৰা হৈছে। মোৰ সামান্য অভিজ্ঞতাৰ ভিত্তিত জীৱন নামৰ স্ৰোতস্বিনী নদীৰ পৰা এতিয়ালৈকে যিখিনি আহৰণ তথা আয়ত্ব কৰিবলৈ সক্ষম হৈছোঁ তাৰেই এটি ক্ষুদ্ৰ সৃষ্টিৰাজি প্ৰস্তুত কৰি উলিয়াইছোঁ। আশা কৰোঁ মোৰ কবিতাবোৰে পাঠকৰ জীৱনলৈ প্ৰাসংগিকতা অনাৰ লগতে হৃদয় স্পৰ্শ কৰিব।
সদৌটি শেষত, সশ্ৰদ্ধ পাঠকবৃন্দ সকলক সন্মানেৰে প্ৰণিপাত জনালোঁ। কিতাপখন সম্পাদনা কৰি উলিয়াবলৈ যিখিনি সুহৃদ বন্ধুৱে মোক সহায় কৰিলে তেওঁলোকলৈ সবিনয়ে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। পুথি খনত ৰৈ যোৱা ভুল-ত্ৰুটি সমূহ আঙুলিয়াই দিয়াৰ লগতে নতুন সৃষ্টিৰ বাবে প্ৰেৰণা তথা উদ্গনি জগাব বুলি আশা ৰাখিলোঁ।
It looks like you’ve already submitted a review for this book.
Write your review for this book (optional)
Review Deleted
Your review has been deleted and won’t appear on the book anymore.তনুপ্রিয়া কলিতা
তনুপ্ৰিয়া কলিতা (জন্ম ১৯৮৮) এগৰাকী অসমীয়া সুকন্ঠী গায়িকা তথা কবি, যিয়ে উত্তৰ - পূৱ ভাৰতৰ অসম ৰাজ্যত জন্মগ্ৰহণ কৰে । পিতৃ শ্ৰীযুত সুভাষ কলিতা আৰু মাতৃ শ্ৰীমতী মমতা চৌধুৰী ৰ তেখেত একমাত্ৰ কন্যা। ৰাজনীতি বিভাগৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে তেখেত এগৰাকী প্ৰতিভাসম্পন্ন সুকন্ঠী গায়িকা তথা ভাটখান্ডে সংগীত "বিশাৰদ" আৰু "কলাবিদ" উপাধিপ্ৰাপ্ত । তেখেতে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাদেৱ ৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যোগ্যতা অৰ্জন কৰিছে। তেখেতে নিজে কন্ঠদান কৰা গীত "উৰি যাবলৈ মন যায় " বিভিন্ন বহিঃৰাষ্ট্ৰৰ (আমেৰিকা, লন্ডন, জাপান, ৰুছিয়া) ৰেডিও চেনেল যোগেদি সম্প্ৰচাৰিত হৈছে। ব্ৰিটিছ মিউজিচিয়ান স্টিভ বেনহাম এ তেখেতৰ কন্ঠক ভূয়সী প্ৰশংসা কৰিছে। ২০২১ চনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সংগীত প্ৰতিযোগিতা ডিজুকি অ্যাওয়ার্ড নামৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যোগ্যতা অৰ্জন কৰাৰ লগতে মনোনীত হৈছে। তেখেত এগৰাকী সুন্দৰ কবিও। কাব্যিক জগততো তেখেতে কিছু অৱদান আগবঢ়াইছে। অসমীয়া বাতৰি কাকত "অসমীয়া প্ৰতিদিন" , "সম্ভাৰ" তথা আলোচনী আদিত তেখেতৰ কবিতা প্ৰকাশ পাইছে। এমুঠি সাগৰ তেখেতৰ কবিতা সমূহৰ অনন্য সংকলন।
India
Malaysia
Singapore
UAE
The items in your Cart will be deleted, click ok to proceed.