Share this book with your friends

Man-Magaju / মন-মগজু

Author Name: Shivanga Kumar Gogoi | Format: Paperback | Genre : Educational & Professional | Other Details

বৰ্তমান আমাৰ সমাজত এনে বহু লোক আছে যাৰ ধন-ধান উভৈনদী হৈ আছে কিন্তু তথাপিও তেওঁলোক সুখী নহয়। তেওঁলোকৰ সকলো আছে মাত্ৰ এটা বস্তু নাই। সেইটোৱে হৈছে মানসিক শান্তি। মানসিক শান্তি ধনেৰে কিনিব নোৱাৰি। আমাৰ সমাজত এনে বহু লোক আছে যিসকল শাৰীৰিকভাৱে শক্তিশালী যদিও মানসিকভাৱে বহুত দুৰ্বল। এখন সমাজৰ সকলোলোক মানসিকভাৱে শক্তিশালী হ’লেহে সমাজখনৰ উন্নতি হ’ব। আমি জানো যে মানসিকতা মগজুৰ সৈতে সম্পৰ্কিত। সেয়েহে মানসিকভাৱে শক্তিশালী হ’বলৈ হ’লে আমি আমাৰ মগজুক শক্তিশালী কৰিব লাগিব। আমি আমাৰ মগজুৰ স্বাস্থ্য আৰু প্ৰদৰ্শনৰ উন্নতিৰ ওপৰত গুৰুত্ব দিব লাগিব। এই কিতাপখনৰ জৰিয়তে মগজুৰ স্বাস্থ্য উন্নয়নত সহায় কৰিব পৰা কিছুমান সহজ উপায় আপোনালোকৰ বাবে আগবঢ়াইছো। আমাৰ এই উপায় সমূহে আপোনালোকক লাভাম্বিত কৰিব বুলি আমি আশাবাদী।

Read More...

Ratings & Reviews

0 out of 5 ( ratings) | Write a review
Write your review for this book
Sorry we are currently not available in your region.

Also Available On

শিৱাংগ কুমাৰ গগৈ

শিৱাংগ কুমাৰ গগৈৰ ঘৰ যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ শুকানজান নামৰ এখন গাঁৱত। তেখেতৰ পিতৃৰ নাম শ্ৰীযুত যাদৱ চন্দ্ৰ গগৈ আৰু মাতৃৰ নাম শ্ৰীযুতা ভাৰতী গগৈ। শিৱাংগই প্ৰাথমিক শিক্ষা নগাবাট জাতীয় বিদ্যালয়ৰ পৰা সম্পন্ন কৰিছিল। তেখেতে উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষা যোৰহাট জিলাৰ তিতাবৰস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছিল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কটন বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছিল। বৰ্তমান তেখেত যোৰহাটৰ চতাইস্থিত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ছাত্ৰ।

Read More...

Achievements