এমুঠি-সাগৰ কিতাপখন মোৰ জীৱনৰ অনুভূতি আৰু আৱেগক সাহিত্য আকাৰে সমাজৰ সন্মুখত দাঙি ধৰাৰ এক বিনম্ৰ প্ৰচেষ্টা মাথোঁ।
বহু বছৰ ধৰি মই ছেগা-চোৰোকাকৈ কবিতা লিখোঁ যেতিয়া অনুভূতি মোৰ হৃদয় স্পন্দন ৰ পৰা ওলাই শব্দৰ আকাৰ লয়। সময়ৰ চক্ৰত মই বহুতো কবিতা হেৰাইছো যদিও,অন্তৰৰ আৱেগৰ পৰা কিছু অনুভৱ গোটাই "এমুঠি-সাগৰ" ৰ সংকলন হিচাপে উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ। হৃদয়ত উৎপন্ন হোৱা ভাৱনাবোৰ মুখেৰে যেতিয়া প্ৰকাশ কৰিব নোৱাৰা হৈ পৰে তেতিয়া সেইবোৰে মনৰ সাগৰত ঢৌ তুলিবলৈ আৰম্ভ কৰে আৰু আ